August 12, 2026 10:08 AM

views 27

উত্তৰাখণ্ডৰ চাৰি ধাম যাত্ৰাৰ দ্বিতীয় পর্যায়ত কেদাৰনাথ আৰু বদ্রীনাথ ধামত ভক্তৰ পূজা-অৰ্চনা

বাৰিষাৰ বতৰ সত্ত্বেও উত্তৰাখণ্ডৰ চাৰি ধাম যাত্ৰাত ভক্তসকলে উৎসাহেৰে ভাগ লৈছে। এই যাত্ৰাৰ দ্বিতীয় পর্যায়তো ভক্তসকলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ কেদাৰনাথ আৰু বদ্রীনাথ ধামত পূজা-অৰ্চনা কৰা কাম অব্যাহত ৰাখিছে। শ্ৰীবদ্রীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ অধ্যক্ষ হেমন্ত দ্বিৱেদীয়ে প্ৰকাশ কৰা অনুসৰি বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলৰ অবিৰত আৰু নিৰাপদ যাত্ৰা নিশ্চিত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।  উত্তৰাখণ্ডৰ ৪টা প্ৰধান ধৰ্মীয় স্থান কেদাৰনাথ, বদ্রীনাথ, গংগোত্ৰি আৰু যমুনোত্ৰিৰ দৰ্শনৰ বাবে কৰা এ...

April 27, 2025 8:05 PM

views 107

উত্তৰাখণ্ড চৰকাৰে চাৰিধাম তীর্থযাত্ৰাৰ বাবে পঞ্জীয়ন কৰা ৭৭ গৰাকী পাকিস্তানী নাগৰিকৰ পঞ্জীয়ন বাতিল কৰিছে

উত্তৰাখণ্ড চৰকাৰে হেমকুণ্ড চাহিব আৰু বাৰ্ষিক চাৰিধাম তীর্থযাত্ৰাৰ বাবে পঞ্জীয়ন কৰা ৭৭ গৰাকী পাকিস্তানী নাগৰিকৰ পঞ্জীয়ন বাতিল কৰিছে। পর্যটন আৰু সাংস্কৃতিক ৰাজ্যমন্ত্ৰী সৎপাল মহাৰাজে শীঘ্ৰে বলবৎ হোৱা এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে। তেওঁ কয় যে পৰ্যটন আৰু সন্ত্ৰাসবাদ সমান্তৰালকৈ আগবাঢ়িব নোৱাৰে। তেওঁ এই সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰে। সকলো ভক্তৰ বাবে নিৰাপদ আৰু আধ্যাত্মিক অভিজ্ঞতা সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা তেওঁ দোহাৰে। মন্ত্ৰীগৰাকীয়ে চাৰিধাম যাত্ৰাৰ সকলো প্ৰস্তুতি সম্প...

July 7, 2024 12:16 PM

views 76

প্রবল বৃষ্টিপাতৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰাখণ্ডত চলি থকা চাৰ ধাম যাত্ৰা আজি স্থগিত

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰা মুষলধাৰ বৰষুণৰ সতর্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰাখণ্ডত চলি থকা চাৰ ধাম যাত্ৰা আজি স্থগিত ৰখা হৈছে। পৰহি সন্ধিয়া গড়ৱাল সংমণ্ডল আয়ুক্ত বিনয় শংকৰ পাণ্ডেই এই সন্দৰ্ভত এটা নিৰ্দেশনা জাৰি কৰি মন্দিৰ অভিমুখী তীর্থযাত্রীসকলক আগবাঢ়ি যোৱাৰ পৰা বিৰত থাকিবলৈ আৰু য'ত আছে তাতেই থাকিবলৈ আহ্বান জনাইছে৷ বৰষুণৰ সম্ভাৱনা আৰু বিভিন্ন পথত হোৱা ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত ঋষিকেশৰ সিপাৰে যাত্ৰা নকৰিবলৈ তীর্থযাত্রীসকলক আহ্বান জনোৱা হৈছে। বতৰ ফৰকাল হ'লেহে তীর্থযাত্রীসকলক যাত্রা পুন...

May 21, 2024 11:34 AM

views 62

উত্তৰাখণ্ডৰ চাৰিধাম যাত্ৰাৰ বাবে ৩১ মে’পর্যন্ত অফলাইন পঞ্জীয়ন বাতিল

উত্তৰাখণ্ডৰ চাৰিধাম যাত্ৰাৰ বাবে জনসাধাৰণৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি অহা ৩১ মে পর্যন্ত যাত্ৰাৰ বাবে অফলাইন পঞ্জীয়ন বাতিল কৰা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কালি ডেৰাডুনত অনুষ্ঠিত চাৰিধাম যাত্রা সম্পৰ্কীয় এখন বৈঠকত বিভাগীয় বিষয়াসকলক এই নির্দেশ দিয়ে। উল্লেখযোগ্য যে শেহতীয়া ১০টা দিনত প্ৰায় ৭ লাখ ভক্তই ৰাজ্যখনৰ কেদাৰনাথ, বদ্রীনাথ, গংগোত্ৰী আৰু যমুনোত্রী ধাম দৰ্শন কৰিছে।