উত্তৰাখণ্ড চৰকাৰে হেমকুণ্ড চাহিব আৰু বাৰ্ষিক চাৰিধাম তীর্থযাত্ৰাৰ বাবে পঞ্জীয়ন কৰা ৭৭ গৰাকী পাকিস্তানী নাগৰিকৰ পঞ্জীয়ন বাতিল কৰিছে। পর্যটন আৰু সাংস্কৃতিক ৰাজ্যমন্ত্ৰী সৎপাল মহাৰাজে শীঘ্ৰে বলবৎ হোৱা এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে। তেওঁ কয় যে পৰ্যটন আৰু সন্ত্ৰাসবাদ সমান্তৰালকৈ আগবাঢ়িব নোৱাৰে। তেওঁ এই সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰে। সকলো ভক্তৰ বাবে নিৰাপদ আৰু আধ্যাত্মিক অভিজ্ঞতা সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা তেওঁ দোহাৰে। মন্ত্ৰীগৰাকীয়ে চাৰিধাম যাত্ৰাৰ সকলো প্ৰস্তুতি সম্পূর্ণ হোৱা বুলিও সদৰি কৰিছে। ১৮৫ খন দেশৰ ২৫ হাজাৰতকৈ অধিক আন্তৰাষ্ট্ৰীয় তীর্থযাত্রীকে ২২ লাখতকৈ অধিক ভক্তই অনলাইন পদ্ধতিৰে এই যাত্ৰাৰ বাবে নাম পঞ্জীয়ন কৰিছে। তীর্থযাত্রাকালত অকৰ্তৃত্বশীলভাৱে গাড়ী ৰোৱা স্থানৰ মাছুল আদায় কৰা তথা হেলিকপ্তাৰৰ টিকটৰ ক’লা বজাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এই যাত্ৰাৰ বাবে অফলাইন পঞ্জীয়ন কাইলৈ আৰম্ভ হোৱাৰ কথা। এই উদ্দেশ্যে ইতিমধ্যে হৰিদ্বাৰ, ঋষিকেশ, বিকাশ নগৰ আৰু হাৰ্বাৰপুৰত তীর্থযাত্ৰীসকলৰ সাহায্যৰ বাবে বিশেষ কেন্দ্ৰ স্থাপন কৰা হৈছে।
Assamese | April 27, 2025 8:05 PM | Chardham Yatra in Uttarakhand
উত্তৰাখণ্ড চৰকাৰে চাৰিধাম তীর্থযাত্ৰাৰ বাবে পঞ্জীয়ন কৰা ৭৭ গৰাকী পাকিস্তানী নাগৰিকৰ পঞ্জীয়ন বাতিল কৰিছে