উত্তৰাখণ্ডৰ চাৰিধাম যাত্ৰাৰ বাবে জনসাধাৰণৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি অহা ৩১ মে পর্যন্ত যাত্ৰাৰ বাবে অফলাইন পঞ্জীয়ন বাতিল কৰা হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কালি ডেৰাডুনত অনুষ্ঠিত চাৰিধাম যাত্রা সম্পৰ্কীয় এখন বৈঠকত বিভাগীয় বিষয়াসকলক এই নির্দেশ দিয়ে। উল্লেখযোগ্য যে শেহতীয়া ১০টা দিনত প্ৰায় ৭ লাখ ভক্তই ৰাজ্যখনৰ কেদাৰনাথ, বদ্রীনাথ, গংগোত্ৰী আৰু যমুনোত্রী ধাম দৰ্শন কৰিছে।
Assamese | May 21, 2024 11:34 AM | Chardham Yatra in Uttarakhand
উত্তৰাখণ্ডৰ চাৰিধাম যাত্ৰাৰ বাবে ৩১ মে’পর্যন্ত অফলাইন পঞ্জীয়ন বাতিল