প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন কৰি সোমনাথ স্বাভিমান পর্বত অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে সোমনাথ মন্দিৰত হোৱা প্ৰথমটো আক্ৰমণৰ হাজাৰ বছৰৰ স্মৃতি ৰোমন্থন কৰি ২০২৬ বৰ্ষত বছেৰেকীয়াভাৱে উদযাপন কৰাকৈ বহুবোৰ কাৰ্যসূচী হাতত লোৱা হৈছে। ভাৰতৰ পাৰম্পৰিক ভক্তি ভাৱ, সংস্কৃতি আৰু সামাজিক কর্মসমূহক সামৰি লৈ কাইলৈৰ পৰা ১১ জানুৱাৰীলৈকে সোমনাথ স্বাভিমান পৰ্বৰ আয়োজন কৰিবলৈ লোৱা হৈছে। উল্লেখযোগ্য যে চৰ্দাৰ বল্লভ ভাই পেটেলে ১৯৫১ চনত সোমনাথৰ পুনৰনিৰ্মিত মন্দিৰৰ উদ্বোধন কৰিছিল। সেই দিনটোৰ ৭৫ বছৰীয়া জয়ন্তীও এই স্বাভিমান পৰ্বৰ সৈতে সংযুক্ত হৈ আছে। প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে প্রাচীন আক্ৰমণকাৰীসকলৰ পৰ্যাপ্ত চেষ্টাৰ পাছতো থিয় হৈ ৰোৱা এই মন্দিৰে ভাৰতীয় লোকসকলৰ অদম্য সাহসৰ পৰিচয় দাঙি ধৰে।
Assamese | January 7, 2026 10:04 PM | PM Modi
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন কৰি সোমনাথ স্বাভিমান পর্বত অংশগ্রহণ কৰিব