প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। গুজৰাটৰ বদোদাত প্ৰধানমন্ত্রীয়ে ৩৫ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে ২০ হাজাৰ ৭০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে বিকশাই তোলা ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্রেইট কৰিড’ৰৰ তিনিটা গুৰুত্বপূৰ্ণ অংশ ৰাষ্ট্ৰৰ সেৱাত উৎসৰ্গা কৰিব। আহমেদাবাদ বিমান বন্দৰত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱনে কয়, যে (WDFC) প্ৰকল্পটো সম্পূৰ্ণ হৈছে আৰু প্রধানমন্ত্রী শ্রী মোদীয়ে এই প্ৰকল্পটো জনসাধাৰণৰ নামত উৎসৰ্গা কৰিব । প্রধানমন্ত্ৰীয়ে নিউ সানন্দ (উত্তৰ), নিউ মকৰপুৰা, নিউ আম্বাৰগাঁও আৰু নিউ জে এন পি টি মুম্বাইৰ পৰা মালবাহী ৰে’ল সেৱাও মুকলি কৰিব। তেওঁ লগতে বদোদা আৰু টাণ্ডা ৰোডৰ মাজত এখন নতুন ৰে’ল সেৱাৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্রী মোদীয়ে এই ভ্রমণ কালত ৯ হাজাৰ ৭০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ তিনিটা ৰে’ল প্ৰকল্প আৰু এহেজাৰ ৭৮০ কোটি টকা ব্যয়সাপেক্ষে তিনিটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে প্ৰায় দুহেজাৰ ৬০০ কোটি টকা ব্যয়সাপেক্ষে গুজৰাট চৰকাৰৰ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।
Assamese | September 8, 2026 12:20 PM | PM Modi
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি গুজৰাট আৰু মহাৰাষ্ট্ৰ ভ্ৰমণ