কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্রধানমন্ত্রী মোদীক চিচিলিৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। চিচিলিৰ ৰাষ্ট্ৰপতি ড০ পেট্রিক হামিনীয়ে পৰিবেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লোৱা নেতৃত্বৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আজি গার্ডিয়ান অব দা ব্লু হৰিজন সন্মান প্ৰদান কৰে।
সামাজিক মাধ্যমৰ এটা বার্তা গৃহমন্ত্রী অমিত শ্বাহে কয় যে এই সন্মানে পৰিবেশতন্ত্র পুনৰুজ্জ্বীবিত কৰাৰ লগতে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ উত্থানক প্ৰতিফলিত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ জয়শংকৰে কয় যে চিচিলিৰ এই সর্বোচ্চ সন্মানে জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ লগতে ভাৰত আৰু চিচিলিৰ অংশীদাৰিত্বত গুৰুত্ব আৰোপ কৰে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত উল্লেখ কৰে যে এই সন্মানে শ্রীমোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰতি থকা তেওঁৰ প্ৰতিশ্রুতিৰ কথা দোহাৰে। তেওঁ লগতে কয় যে প্রধানমন্ত্রী মোদীৰ নেতৃত্বত বিশ্বজুৰি ভাৰতৰ সন্মান বৃদ্ধি হৈছে। আজি লাভ কৰা এই সন্মান প্রতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয় বুলিও শ্রীসিঙে বার্তাটোত উল্লেখ কৰে। তদুপৰি মন্ত্রী পীযূষ গোৱেল, মনোহৰ লাল, ড০ জিতেন্দ্ৰ সিঙকে ধৰি অন্যান্য মন্ত্রীসকলেও প্রধানমন্ত্রী মোদীক অভিনন্দন জ্ঞাপন কৰিছে।