প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মুম্বাইত অনুষ্ঠিত হ’বলগীয়া গ্লোবেল ফিনটেক ফেষ্ট-চমুকৈ জি এফ এফ ২০২৬ৰ উদ্বোধন কৰিব। জি এফ এফ হৈছে বিশ্বৰ অন্যতম বৃহৎ আৰু প্ৰভাৱশালী বার্ষিক বিত্তীয় প্রযুক্তি সম্মিলন। উল্লেখযোগ্য যে জি এফ এফ ২০২৬ ৰ জৰিয়তে ডিজিটেল লেনদেন আৰু বিত্তীয় অন্তর্ভুক্তিৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ ওপৰত ভিত্তি কৰি সম্ভাৱনাৰ পৰা বাস্তৱ প্ৰভাৱৰ দিশে আগবঢ়োৱাৰ লক্ষ্য লোৱা হৈছে। সন্মিলনত কৃত্রিম বুদ্ধিমত্তা, কোৱাণ্টাম প্রযুক্তি আৰু অন্যান্য গুৰুত্বপূর্ণ তথা উদীয়মান প্রযুক্তিয়ে কেনেদৰে বিশ্বজুৰি নাগৰিক, উদ্যোগ আৰু অর্থনীতিৰ বাবে বিশ্বাসযোগ্য, সর্বাঙ্গীন আৰু পৰিমাপযোগ্য ফলাফল সৃষ্টি কৰিব পাৰে সেই বিষয়ে আলোচনা কৰা হ’ব।
Assamese | September 7, 2026 8:13 PM | PM Modi
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ কাইলৈ মুম্বাইত জি এফ এফ ২০২৬ৰ উদ্বোধন