প্রধানমন্ত্রী আবাস যোজনা নগৰীয়া আঁচনিৰ অধীনত এতিয়ালৈকে ১ কোটি ২৫ লাখৰো অধিক বাসগৃহত অনুমোদন

প্রধান মন্ত্রী আবাস যোজনা নগৰীয়া, পি এম এ ওৱাই ইউ আৰু পি এম এ ওৱাই ইউৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এতিয়ালৈকে ১ কোটি ২৫ লাখৰো অধিক গৃহৰ অনুমোদন জনোৱা হৈছে বুলি গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রালয়ে প্রকাশ কৰিছে।

সমগ্র দেশত ইয়াৰে ১ কোটিৰো অধিক গৃহ নিৰ্মাণৰ কাম সম্পন্ন কৰি হিতাধিকাৰীসকলক প্ৰদান কৰা হৈছে আৰু প্রায় ১ কোটি বাসগৃহ মহিলাৰ নামত আবণ্টন কৰা হৈছে।

মন্ত্রালয়ে প্রকাশ কৰা মতে পি এম এ ওৱাই ইউৰ দ্বিতীয় পৰ্যায়ৰ অধীনত অন্ধ্র প্রদেশ, অৰুণাচল প্রদেশ, বিহাৰ, ছত্তিশগড়, গুজৰাট, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, মধ্য প্রদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, ওড়িশা, ৰাজস্থান, তামিলনাড়ু, তেলেংগানা, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডকে ধৰি ১৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অর্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ ২ লাখ ৯ হাজাৰৰো অধিক পৰিয়াললৈ বাসগৃহ আগবঢ়োৱা হৈছে।

ইয়াৰ ভিতৰত ২ লাখ ৩ হাজাৰৰো অধিক বাসগৃহ মহিলাৰ নামত আবণ্টন কৰা হৈছে। ১৬৬০০ৰো অধিক বাসগৃহ জ্যেষ্ঠ নাগৰিকৰ নামত আবণ্টন কৰাৰ বিপৰীতে প্ৰায় ২২ হাজাৰ বাসগৃহ অনুসূচিত জাতিৰ হিতাধিকাৰী আৰু ১৪ হাজাৰৰো অধিক বাসগৃহ অনুসূচিত জনজাতিৰ হিতাধিকাৰীক আবণ্টন দিয়া হৈছে। আনহাতে, ৭৫ হাজাৰৰো অধিক অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীক আবণ্টন দিয়া হৈছে।

কেন্দ্রীয় আবণ্টন আৰু নিৰীক্ষণ কমিটীৰ বৈঠকত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব সতেন্দ্ৰ সিঙে এই আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত তেওঁ এই আঁচনিৰ সুবিধা যোগ্য হিতাধিকাৰীসকলে যাতে লাভকৰে তাক নিশ্চিত কৰাৰ লগতে সময়মতে কাৰ্যকৰীকৰণ পুঁজি মুকলি কৰি দিয়া আৰু নিৰীক্ষণৰ কামবোৰ হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।