প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰা কেইকো ফুজিম’ৰিক অভিনন্দন জ্ঞাপন কৰিছে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্রী শ্রী মোদীয়ে কয়, যে ভাৰতে পেৰুৰ সৈতে থকা গভীৰ সম্পৰ্কক মূল্য দি অহাৰ লগতে দেশ দুখনৰ মাজৰ বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধ।
প্রধানমন্ত্রী শ্রী মোদীয়ে শ্রীমতী ফুজিম’ ৰিয়ে তেওঁৰ কাৰ্যকাল সফলতাৰে সম্পন্ন কৰাৰ লগতে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ভাৰত আৰু পেৰুৰ মাজৰ ভৱিষ্যৎ সম্পৰ্ক আগবঢ়াই নিবলৈ একেলগে কাম কৰি যোৱাৰ ইচ্ছা প্রকাশ কৰে।