November 4, 2026 11:31 AM | Nepal

printer

মাউন্ট এভাৰেষ্টৰ সমীপত সংঘটিত হেলিকপ্টাৰ সংঘৰ্ষৰ তদন্ত আৰম্ভ

নেপালৰ বিমান নিয়ন্ত্ৰকে মাউন্ট এভাৰেষ্টৰ সমীপত সংঘটিত হেলিকপ্টাৰ সংঘৰ্ষৰ তদন্ত আৰম্ভ কৰিছে। কালি পুৱা প্ৰায় ৮ বাজি ১২ মিনিটত ছলুখুম্বু জিলাৰ ফেৰিচে হেলিপেডত এয়াৰ ডাইনেষ্টী আৰু ফিচটেইল এয়াৰৰ দ্বাৰা পৰিচালিত দুখন হেলিকপ্টাৰ অৱতৰণ কৰাৰ সময়ত হোৱা এই সংঘৰ্ষত এগৰাকী ভাৰতীয় নাগৰিকৰ প্ৰাণহানি হোৱাৰ লগতে অন্য তিনিগৰাকী লোক আহত হয়।

নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই বিবৃতিযোগে কৈছে যে এয়াৰ ডাইনেষ্টী কোম্পানীৰ হেলিকপ্টাৰখন লুকলাৰ পৰা ৰাওনা হৈছিল। আনহাতে ফিচটেইল এয়াৰ কোম্পানীৰ হেলিকপ্টাৰখন দুগৰাকী বিদেশী যাত্রীসহ গোৰচেপৰ পৰা ৰাওনা হৈছিল । মৃত যাত্ৰীগৰাকী ফিচটেইল এয়াৰ কোম্পানীৰ হেলিকপ্টাৰখনত যাত্ৰা কৰা তামিলনাডুৰ ভাৰতীয় নাগৰিক বসন্ত কুমাৰ বালাৰামুডু বুলি চিনাক্ত কৰা হৈছে। ফিচটেইল এয়াৰে জনোৱা অনুসৰি তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাঠমাণ্ডুৰ ত্ৰিভুৱন বিশ্ববিদ্যালয় চিকিৎসালয়লৈ নিয়া হৈছে। বিমান সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাটোত আঘাতপ্রাপ্ত আন এগৰাকী যাত্ৰী আৰু হেলিকপ্টাৰখনৰ কেপ্তেইনক কাঠমাণ্ডুৰ মেডিচিটি হাস্পতালত ভৰ্তি কৰা হৈছে। দুয়োগৰাকীৰ স্বাস্থ্য এতিয়া সুস্থিৰ আৰু বিপদমুক্ত বুলি প্ৰকাশ কৰা হৈছে। তদন্তৰ তথ্য আৰু সিদ্ধান্তৰ ভিত্তিত আইন অনুসৰি দৰকাৰী আৰু সংশোধনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই জানিবলৈ দিছে।