November 4, 2026 11:15 AM | dr birendra nath dutta

printer

লোককলাৰ গৱেষক, সংগীত শিল্পী, শিক্ষাবিদ লেখক বীৰেন্দ্ৰনাথ দত্তৰ আজি ওপজা দিন

লোককলাৰ গৱেষক, সংগীত শিল্পী, শিক্ষাবিদ লেখক বীৰেন্দ্ৰনাথ দত্তৰ আজি ওপজা দিন। লোককলা আৰু সংস্কৃতিৰ গৱেষণাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা শিল্পীগৰাকীয়ে ২০০৩ চনত অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আৰু ২০০৪ চনত হোজাই অধিৱেশনত সভাপতিত্ব কৰিছিল। ২০০৯ চনত তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। তেওঁৰ কণ্ঠৰ কেইবাটাও গীতে অসমৰ শ্ৰোতাক মুগ্ধ কৰি ৰাখিছে। তেওঁৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত – বহুদিন বকুলৰ গোন্ধ পোৱা নাই, অ’ ধুন ধুনীয়া, সাতোখন সুৰীয়া নৈ, অ’ ৰহিমলা আদি অন্যতম।

কল্পলোকৰ উদ্যোগত বীৰেন্দ্ৰ নাথ দত্ত স্মাৰক বক্তৃতামালাৰ দ্বিতীয় বক্তৃতানুষ্ঠান আজি আয়োজন কৰা হৈছে। এই অনুষ্ঠানত Future of Folk Art Forms in North-East India, Contributions and concerns বিষয়ত আলিপুৰদুৱাৰ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক, বিশিষ্ট শিক্ষাবিদ, ভূপালৰ মানৱ সংগ্ৰহালয়ৰ প্ৰাক্তন সঞ্চালক সৰিৎ কুমাৰ চৌধুৰীয়ে বক্তৃতা আগবঢ়াব। অনুষ্ঠানটি সঞ্চালনা কৰিব অধ্যাপক প্রদীপজ্যোতি মহন্তই এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উত্তৰ- পূৰ্বাঞ্চলৰ লোককৃষ্টিৰ কেইবাটাও নিদর্শনমূলক পৰিৱেশন কৰা হ’ব। আজি বিয়লি ৪ বজাত গুৱাহাটীৰ উজান বজাৰৰ বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।