থাইলেণ্ডৰ বেংককত চলি থকা পেৰা আৰ্ছাৰী এছিয়া কাপ প্রতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড অপেন শিতানত ভাৰতৰ চৰিতাই সোণৰ পদক অৰ্জন কৰিছে। আজি বিয়লি অনুষ্ঠিত খেলখনত চৰিতাই ছিংগাপুৰৰ নুৰ ছ্যাহিদা আলিমক এখন তুমুল প্রতিদ্বন্দিতামূলক খেলত ১৪৩-১৪২ ৰ ফলাফলত পৰাস্ত কৰে। ইপিনে, ভাৰতৰ আদিল মহম্মদ নাজিৰ আনচাৰীয়ে পুৰুষৰ ডব্লিঅ’ ৱান শিতানত হংকঙৰ মান টাই য়ুঙক ১২০-১১৬ ৰ ফলাফলত পৰাজিত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে।
Assamese | February 10, 2025 9:13 PM | SPORTS
পেৰা আৰ্ছাৰী এছিয়া কাপ প্রতিযোগিতাৰ মহিলাৰ কম্পাউণ্ড অপেন শিতানত ভাৰতৰ চৰিতাৰ সোণৰ পদক অৰ্জন