পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এহেজাৰ ৫০০তকৈও অধিক হৈছেগৈ। কংগোৰ চৰকাৰী সূত্ৰই জনোৱা মতে এসপ্তাহত এই ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি পাইছে। জানিব পৰা মতে যোৱা মঙলবাৰলৈকে এই ভাইৰাছত আক্রান্ত তিনি হাজাৰ ৪০০তকৈও অধিক লোকৰ, এহেজাৰ ৫০০তকৈও অধিকজনৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে এইবাৰৰ ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা পূৰ্বৰ ইবোলা ভাইৰাছৰ সংক্ৰমণৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। কিয়নো এইবাৰৰ ইবোলা মহামাৰী বুণ্ডিবিয়োগো ভাইৰাছৰ বাবে হৈছে। এই ভাইৰাছৰ টীকা বা চিকিৎসা এতিয়াও উপলব্ধ নহয়।
Assamese | July 30, 2026 8:38 PM | Ebala virus
পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫০০তকৈও অধিকলৈ বৃদ্ধি