October 14, 2026 12:41 PM

views 12

কংগোত ইব’লাৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ স্বাস্থ্য মন্ত্ৰালয়ৰ প্রচেষ্টা অব্যাহত

শেহতীয়াভাৱে প্ৰকাশ পোৱা চৰকাৰী পৰিসংখ্যা অনুসৰি কংগোত ইব’লাত আক্রান্ত ৰোগীৰ সংখ্যাই ৯ হাজাৰ অতিক্ৰম কৰিছে আৰু চাৰি হাজাৰ তিনিশৰো অধিক লোকৰ মৃত্যু হৈছে। দেশখনৰ সাতখন প্ৰদেশত ইব'লাৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ স্বাস্থ্য মন্ত্ৰালয়ে প্রচেষ্টা অব্যাহত ৰাখিছে। দেশখনত ক্ৰমাৎ বৃদ্ধি পোৱা মৃতকৰ সংখ্যাই স্বাস্থ্যকৰ্মী আৰু কৰ্তৃপক্ষক আতংকিত কৰি তুলিছে। স্বাস্থ্যকেন্দ্ৰ আৰু চিকিৎসালয়ৰ বাহিৰত সৰ্বাধিক লোকৰ মৃত্যুৰ বাতৰি আহিছে। শেহতীয়া প্ৰতিবেদনত ৮৮ জন লোক নতুনকৈ ইব'লাত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰা হৈছে। "ইব...

July 30, 2026 8:38 PM

views 15

পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫০০তকৈও অধিকলৈ বৃদ্ধি

পূব কংগোত ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা এহেজাৰ ৫০০তকৈও অধিক হৈছেগৈ। কংগোৰ চৰকাৰী সূত্ৰই জনোৱা মতে এসপ্তাহত এই ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি পাইছে। জানিব পৰা মতে যোৱা মঙলবাৰলৈকে এই ভাইৰাছত আক্রান্ত তিনি হাজাৰ ৪০০তকৈও অধিক লোকৰ, এহেজাৰ ৫০০তকৈও অধিকজনৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে এইবাৰৰ ইবোলা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা পূৰ্বৰ ইবোলা ভাইৰাছৰ সংক্ৰমণৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। কিয়নো এইবাৰৰ ইবোলা মহামাৰী বুণ্ডিবিয়োগো ভাইৰাছৰ বাবে হৈছে। এই ভাইৰাছৰ টীকা বা চিকিৎ...