● পাকিস্তানলৈ বেইজিং মহলৰ সমৰ্থন বন্ধ কৰাৰ বাবে স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অৰুণাচল প্ৰদেশ চীনলৈ হস্তান্তৰ কৰাৰ পৰামৰ্শ আগবঢ়োৱা বুলি দাবী কৰা এটা ভি ডি অ’ চৰকাৰে খণ্ডন কৰিছে। ডিজিটেলভাৱে সাল-সলনি কৰা ভি ডি অ’টোত ভাৰত-পাকিস্তান সংঘৰ্ষৰ সময়ত চীনা প্রযুক্তিৰ জৰিয়তে ৰাফেল বিমান ধ্বংস কৰাৰ কথা স্বীকাৰ কৰা বুলিও কোৱা হৈছে। প্ৰেছ ইনফৰমেচন ব্যুৰৰ তথ্য উদ্ঘাটনকাৰী গোটে পাকিস্তানৰ কেইবাটাও ভুৱা একাউণ্টৰ জৰিয়তে ভাৰতীয় সশস্ত্র বাহিনীৰ বিৰুদ্ধে অপ-প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে কৃত্রিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি কৰা ভুৱা ভি ডি অ’ প্ৰচাৰ কৰা হৈছে বুলি উল্লেখ কৰিছে। তথ্য উদ্ঘাটনকাৰী গোটে স্থল সেনাধ্যক্ষগৰাকীয়ে তেনে ধৰণৰ কোনো বিবৃতি দিয়া নাই বুলি স্পষ্ট কৰি দিছে। গোটটোৱে লগতে জনসাধাৰণক এনে ধৰণৰ সত্যাসত্য নিৰূপণ নোহোৱা বিষয়-বস্তুৰ প্ৰচাৰ নকৰিবলৈ আৰু আনুষ্ঠানিক তথা বিশ্বাসযোগ্য সূত্ৰৰ সঠিক তথ্যহে বিশ্বাস কৰিবলৈ আহ্বান জনাইছে।
Assamese | November 27, 2025 3:45 PM | Aakashbani | Akashvani News | Indo-China
পাকিস্তানলৈ বেইজিং মহলৰ সমৰ্থন বন্ধৰ বাবে উপেন্দ্ৰ দ্বিবেদীয়ে অৰুণাচল প্ৰদেশ চীনলৈ হস্তান্তৰৰ ভিডিঅ’ক খণ্ডন চৰকাৰৰ