পাকিস্তানত, বালুচিস্তান প্রদেশৰ হৰনাইৰ শ্বাহৰাগ অঞ্চলত সংঘটিত এটা বোমা বিস্ফোৰণত কমেও ১১ জন শ্রমিকৰ মৃত্যু হোৱাৰ লগতে ৭ জন শ্রমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। বিভাগীয় সূত্ৰৰ তথ্য অনুসৰি কয়লাখনিত কাম কৰা শ্রমিক কঢ়িয়াই নিয়া এখন বাহন পথেৰে গৈ থাকোতেই বোমাটো বিস্ফোৰণ হয়। হাৰনাইৰ উপ-আয়ুক্ত হজৰত ৱালি ককৰে কয়, যে পথত স্থাপন কৰা আই ই ডিৰ দ্বাৰা বিস্ফোৰণটো সংঘটিত কৰোৱা হৈছে বুলি সন্দেহ কৰা হৈছে। লোকসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
উল্লেখযোগ্য যে, শেহতীয়াকৈ বালুচিস্তানৰ শ্বাহৰাগ অঞ্চলত কেইবাটাও বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। অঞ্চলটোত চলি থকা কয়লা খনিসমূহৰ কাম-কাজত ব্যাঘাত জন্মোৱাৰ উদ্দেশ্যেই এই বিস্ফোৰণ সমূহ ঘটোৱা হৈছে বুলি অনুমান কৰা হৈছে ।
Assamese | February 15, 2025 6:25 PM | Pakistan Bomb Blast
পাকিস্তানত বোমা বিস্ফোৰণত কমেও ১১ জন শ্রমিকৰ মৃত্যু