April 15, 2025 8:32 PM

views 41

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত সংঘটিত বোমা বিস্ফোৰণত তিনিজন আৰক্ষী কৰ্মী নিহত

পাকিস্তানৰ দক্ষিণ-পশ্চিম প্রান্তৰ বেলুচিস্তান প্ৰদেশত আজি হোৱা এটা বোমা বিস্ফোৰণত তিনিজন আৰক্ষী কৰ্মী নিহত হয় আৰু অন্য ১৬ জন আহত হয়। আহতসকলৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। মাষ্টুং জিলাৰ কুণ্ড মাছুৰী এলেকাৰ সমীপত কালাত জিলাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰৰ আৰক্ষী কৰ্মীক কঢ়িয়াই নিয়া এখন বাছত আই ই ডি বিস্ফোৰণ হোৱাৰ বাবেই এই অঘটনটো ঘটে। কর্তৃপক্ষসমূহে বিস্ফোৰণৰ তদন্ত আৰম্ভ কৰিছে। এতিয়ালৈকে কোনো সন্ত্রাসবাদী গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। পাকিস্তানৰ সৰ্ববৃহৎ অথচ, আটাইতকৈ কম জনবসতি...

February 15, 2025 6:25 PM

views 35

পাকিস্তানত বোমা বিস্ফোৰণত কমেও ১১ জন শ্রমিকৰ মৃত্যু

পাকিস্তানত, বালুচিস্তান প্রদেশৰ হৰনাইৰ শ্বাহৰাগ অঞ্চলত সংঘটিত এটা বোমা বিস্ফোৰণত কমেও ১১ জন শ্রমিকৰ মৃত্যু হোৱাৰ লগতে ৭ জন শ্রমিক গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়। বিভাগীয় সূত্ৰৰ তথ্য অনুসৰি কয়লাখনিত কাম কৰা শ্রমিক কঢ়িয়াই নিয়া এখন বাহন পথেৰে গৈ থাকোতেই বোমাটো বিস্ফোৰণ হয়। হাৰনাইৰ উপ-আয়ুক্ত হজৰত ৱালি ককৰে কয়, যে পথত স্থাপন কৰা আই ই ডিৰ দ্বাৰা বিস্ফোৰণটো সংঘটিত কৰোৱা হৈছে বুলি সন্দেহ কৰা হৈছে। লোকসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে, শেহতীয়াকৈ বালুচিস্তানৰ শ্বাহৰাগ অঞ্চলত ...