ৰাজ্যৰ বান পৰিস্থিতি উন্নত হোৱাৰ পাছত পশুধন আৰু হাঁহ-কুকুৰাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক যাৱতীয় নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই নিৰ্দেশ দিয়ে। দিছপুৰত আজি অনুষ্ঠিত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এখন বৈঠকত শীর্ষ বিষয়াসকলক এই দিশত তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। পশুপালন আৰু দুগ্ধ খণ্ডৰ গুৰুত্ব বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই খণ্ডসমূহৰ উন্নয়ন আৰু পশুপালক তথা দুগ্ধপালকসকলৰ সবলীকৰণ সুনিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে বুলি মন্ত্ৰী শ্ৰীবৰাই প্ৰকাশ কৰে। আজিৰ এই বৈঠকত কৃত্ৰিম প্ৰজননৰ লগতে বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে বিশদভাৱে পর্যালোচনা কৰা হয়। কৃষকসকলৰ সুবিধার্থে কামসমূহ নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পন্ন কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে।
Assamese | July 18, 2024 5:52 PM | agriculture | Assam | assam flood 2024 | Atul Bora
পশুধন আৰু হাঁহ-কুকুৰাক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ পশুপালন বিভাগক প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণৰ বাবে মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশ