চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ নৱজাগৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পলাশবাৰীৰ আগছিয়া-মাজিৰ গাঁৱত পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে। পি এম শ্ৰী আঁচনিৰ অধীনত এই বিদ্যালয়খন ৰাষ্ট্ৰীয় আদৰ্শ উৎকর্ষতা বিদ্যালয়লৈ উন্নীত কৰা হ’ব। ইয়াৰ জৰিয়তে বিদ্যালয়খনৰ সামগ্রিক বিকাশ সাধন কৰি সকলো শৈক্ষিক প্ৰত্যাহ্বান অতিক্ৰম কৰিব পৰাকৈ গঢ়ি তোলা হ’ব। তদুপৰি এই আদৰ্শ বিদ্যালয়খনে অঞ্চলটোৰ একাধিক বিদ্যালয়ক শৈক্ষিক উৎকৰ্ষৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে চৰকাৰে ৰাজ্যৰ প্ৰায় ৫০০ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় নতুনকৈ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ইতিমধ্যে বহু কেইখন বিদ্যালয়ৰ নিৰ্মাণ কাৰ্যও সম্পূৰ্ণ হৈ উঠিছে।
Assamese | February 7, 2025 8:13 PM | CM Himanta Biswa Sarma | CMO Assam
পলাশবাৰীৰ আগছিয়া-মাজিৰ গাঁৱত পলাশবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ