ৰীমালৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ ১৩ খন জিলাৰ ৫ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। বিগত ২৪ ঘণ্টাত বানত ৩ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াকে লৈ এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১৪ লৈ বৃদ্ধি হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ৰাজ্যখনৰ ১৩ খন জিলাৰ ৫৬৪ খন গাঁও প্লাৱিত হোৱাৰ লগতে ৮ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি বানৰ কবলত পৰিছে। চৰকাৰী সূত্ৰ অনুসৰি বানত বিগত ২৪ ঘণ্টাত কাছাৰ জিলাত ২ জন আৰু নগাঁৱত এজন লোকৰ মৃত্যু হৈছে। আনহাতে, কাছাৰ জিলাত এজন যুৱক আৰু এটি শিশু সন্ধানহীন হৈ আছে। ৰাজ্যখনত ব্ৰহ্মপুত্ৰৰ পানী গুৱাহাটী, গোৱালপাৰা আৰু ধুবুৰী জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে। আনহাতে কপিলী, বৰাক, ধনশিৰি, বুঢ়িদিহিং, গৌৰাং আৰু কুশিয়াৰা নদীৰ পানী ভালেমান ঠাইত বাঢ়িবলৈ লৈছে। ৰাজ্য চৰকাৰে বান প্ৰভাৱিত জিলা কেইখনত মুঠ ১৯৩টা সাহায্য শিবিৰ আৰু ৮২টা বান সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। তদুপৰি উদ্ধাৰ আৰু সাহায্যৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী নিয়োগ কৰা হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে, বানত কেইবাখনো জিলাৰ ১০৩টাকৈ পথ, মথাউৰি তথা আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হৈছে। ইপিনে, উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই ৰে’লপথৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি নিউ হাফলং-চন্দ্ৰনাথপুৰ ৰে’লসেৱা বাতিল কৰাৰ লগতে এই পথচোৱাৰে চলাচল কৰা আন কেইবাখনো ৰে’লগাড়ীৰ যাত্ৰা আংশিকভাৱে বাতিল কৰিছে।
Assamese | June 3, 2024 11:08 AM | Assam Flood
নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ ১৩ খন জিলাৰ ৫ লাখৰো অধিক লোক বানৰ কবলত