September 7, 2026 8:19 PM | India-IMF Meet

printer

নতুন দিল্লীত ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিৰ সম্পর্ক সন্দৰ্ভত বিতং আলোচনা

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত আন্তৰাষ্ট্ৰীয় মুদ্রা নিধি-আই এম এফৰ উপ পৰিচালন সঞ্চালক নাইজেল ক্লার্কক সাক্ষাৎ কৰে। বিত্ত মন্ত্রালয়ে জনোৱা মতে এই বৈঠকত ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিৰ সম্পর্ক সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। ভাৰতে আই এম এফৰ দক্ষিণ এছিয়া আঞ্চলিক প্রশিক্ষণ আৰু কাৰিকৰী সহায়তা কেন্দ্রক আগবঢ়োৱা সহযোগিতাক উপ পৰিচালন সঞ্চালকগৰাকীয়ে প্ৰশংসা কৰে। দুয়োপক্ষই অর্থনৈতিক সহযোগিতা শক্তিশালী কৰাৰ লগতে সুস্থ অর্থনৈতিক নীতি সমর্থন কৰা আৰু আঞ্চলিক তথা বিশ্ব অর্থনীতিৰ স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধিৰ মাজত নিয়মীয়া যোগাযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বৈঠকতে ভাৰত আৰু বিশ্ব অর্থনীতিৰ ভৱিষ্যত আৰু ইয়াৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰা হয়। ভাৰতৰ পৰিৱৰ্তিত অর্থনৈতিক বিকাশৰ ধাৰা আৰু বিশ্ব অর্থনৈতিক পৰিবেশত চলি থকা পৰিৱৰ্তনৰ প্ৰভাবৰ বিষয়েও দুয়োপক্ষই আলোচনা কৰে। মন্ত্রালয়ে জনোৱা মতে, নাইজেল ক্লার্কে বৰ্তমানৰ পৰিস্থিতিত ভাৰতৰ অৰ্থনৈতিক বিকাশ, স্থিতিস্থাপকতাৰ প্ৰশংসা কৰে। লগতে পশ্চিম এছিয়াৰ সংকটৰ পাছত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিত্তীয় ব্যবস্থাপনা আৰু বিভিন্ন সহায়-সহযোগিতাৰ শলাগ লয়।