পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত এখন উচ্চ পৰ্য্যায়ৰ বৈঠক অনুষ্ঠিত হয়। প্রধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত দোভাল, চীফ অৱ ডিফেন্স ষ্টাফ অনিল চৌহান আৰু সেনা বাহিনীৰ তিনিওটা শাখাৰ মূৰীসকল উপস্থিত থাকে।
Assamese | April 29, 2025 7:48 PM | PM Meeting
নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত উচ্চ পৰ্য্যায়ৰ বৈঠক