নগাঁও জিলা প্ৰশাসনে ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত কাইলৈ উচ্ছেদ অভিযান চলাব। উচ্ছেদ অভিযানৰ বাবে ইতিমধ্যে জিলা প্রশাসনে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। প্ৰশাসনে প্রায় ৩৮ বিঘা ভূমিত থকা ৭৫টা পৰিয়ালৰ বাসগৃহত উচ্ছেদ চলাব। জিলা প্রশাসনে দখলকাৰীলৈ প্ৰেৰণ কৰা জাননীৰ সময়সীমা কালি উকলি গৈছে। উল্লেখযোগ্য যে দখলকাৰী পৰিয়ালসমূহক ১৫ দিনৰ ভিতৰত দখলীকৃত ভূমি খালী কৰিবলৈ জাননী প্ৰেৰণ কৰা হৈছিল। জাননী পোৱাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি আঁতৰি গৈছে। কালি ৰূপহীহাট আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা দলে অঞ্চলটো পৰিদৰ্শন কৰি দখলকাৰী পৰিয়ালসমূহক শীঘ্ৰেই চৰকাৰী ভূমি খালী কৰিবলৈ নিৰ্দেশ দিয়ে।
Assamese | December 4, 2025 6:58 PM | Akashvani | Akashvani News | Assam Eviction | Nagaon
নগাঁও জিলা প্ৰশাসনে কাইলৈ ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত উচ্ছেদ অভিযান চলাব