কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত আই আই টি গুৱাহাটীৰ ডিপাৰ্টমেণ্ট অৱ ডিজাইনে ধেমাজিত আজি অভিলাষা আঁচনিৰ অধীনত এখন কৰ্মশালাৰ আয়োজন কৰে। ধেমাজি জিলা প্ৰশাসনৰ সহযোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত দুদিনীয়াকৈ আয়োজিত কর্মশালাখনি মিছিং স্বায়ত্বশাসিত পৰিষদৰ সদস্য জহান দলে আৰু ধেমাজি জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাই বন্তি প্ৰজ্বলনেৰে মুকলি কৰে। আই আই টিৰ ডিজাইন বিভাগৰ কেইবাগৰাকী অধ্যাপক আৰু গৱেষক ছাত্ৰই কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। কর্মশালাখনত শিক্ষাৰ্থীৰ মাজত ডিজাইন আৰু উদ্ভাৱনৰ বিষয়ে সজাগতা সৃষ্টি কৰা সৃষ্টিশীল সম্ভাৱনাক অন্বেষণ কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যেৰে গুৱাহাটী ডিজাইন বিভাগে ৰাজ্যখনৰ বিভিন্ন স্থানত অভিলাষা কাৰ্যসূচী আয়োজন কৰি আহিছে। কর্মশালাখনত ধেমাজিৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষার্থী, শিক্ষক-শিক্ষয়িত্রী তথা অভিভাৱকে ভাগ লয়।
Assamese | December 15, 2025 9:05 PM | dhemaji iit workshop
ধেমাজিত অভিলাষা আঁচনিৰ অধীনত আই আই টি গুৱাহাটীৰ ডিপাৰ্টমেণ্ট অৱ ডিজাইনৰ কৰ্মশালা