December 15, 2025 9:05 PM

views 34

ধেমাজিত অভিলাষা আঁচনিৰ অধীনত আই আই টি গুৱাহাটীৰ ডিপাৰ্টমেণ্ট অৱ ডিজাইনৰ কৰ্মশালা

কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত আই আই টি গুৱাহাটীৰ ডিপাৰ্টমেণ্ট অৱ ডিজাইনে ধেমাজিত আজি অভিলাষা আঁচনিৰ অধীনত এখন কৰ্মশালাৰ আয়োজন কৰে। ধেমাজি জিলা প্ৰশাসনৰ সহযোগত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত দুদিনীয়াকৈ আয়োজিত কর্মশালাখনি মিছিং স্বায়ত্বশাসিত পৰিষদৰ সদস্য জহান দলে আৰু ধেমাজি জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাই বন্তি প্ৰজ্বলনেৰে মুকলি কৰে। আই আই টিৰ ডিজাইন বিভাগৰ কেইবাগৰাকী অধ্যাপক আৰু গৱেষক ছাত্ৰই কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। কর্মশালাখনত শিক্ষাৰ্থীৰ মাজত ডিজাইন আৰু উদ্ভ...