November 2, 2026 11:13 AM | Bhuban pagu

printer

ধেমাজিত অনুষ্ঠিত চতুর্থ মিচিং ক্রীড়া মহোৎসৱৰ সামৰণি

মিচিং জনগোষ্ঠীয় ছাত্র সংগঠন TMPK-ৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ সহযোগত আয়োজিত চতুৰ্থ মিচিং ক্রীড়া মহোৎসৱৰ কালি সামৰণি পৰে। এই উপলক্ষে ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল-পথাৰত বৰ্ণিল সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে ২৯ অক্টোবৰৰ পৰা অনুষ্ঠিত এই ক্রীড়া মহোৎসৱত ৰাজ্যৰ বিভিন্ন জিলাৰ ৩ সহস্রাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। সামৰণি অনুষ্ঠানত অলিম্পিক পদক বিজয়ী বিজেন্দ্র সিং, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, নৱ কুমাৰ দলেকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই ক্রীড়া মহোৎসৱে মিচিং জনগোষ্ঠীৰ যুৱক-যুৱতীসকলৰ ক্ৰীড়া প্রতিভা বিকাশৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব বুলি বিধায়ক ভূৱন পেগুৱে প্ৰকাশ কৰে।