November 2, 2026 11:17 AM | Kamrup

printer

বিভিন্ন প্ৰান্তত অপৰাধ প্ৰতিৰোধৰ লক্ষ্যৰে কামৰূপ আৰক্ষীৰ সজাগতা অভিযান

কামৰূপ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অপৰাধ প্ৰতিৰোধৰ লক্ষ্যৰে সজাগতা অভিযান চলাইছে। আৰক্ষীয়ে বিভিন্ন অঞ্চলত ভাৰাতীয়া হিচাপে থকা লোকসকলৰ তথ্য গ্ৰহণ কৰি সমীপৰ থানাত দাখিল কৰিবলৈ স্থানীয় বাসিন্দাসকলক আহ্বান জনাইছে। ৰাজ্যখনত শেহতীয়াভাৱে সংঘটিত কেইবাটাও ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে এই ব্যৱস্থা লোৱা হৈছে বুলি উপ- আৰক্ষী অধীক্ষক টিংকুজ্যোতি চৌধুৰীয়ে প্ৰকাশ কৰে ।