ধুবুৰী জিলাৰ আলমগঞ্জৰ সপ্তম আৰু নৱম খণ্ডৰ ৬৫০ বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাবে জিলা প্রশাসনে আজিও উচ্ছেদ অভিযান চলাব। কালি পুৱাৰেপৰা চলোৱা এই অভিযান শান্তিপূর্ণভাৱে সম্পন্ন হয়। আজি পুৱা ৯ বজাৰ পৰা পুনৰ প্ৰশাসনে অভিযান চলাব বুলি আমাৰ সংবাদদাতাই প্রকাশ কৰিছে। উল্লেখযোগ্য যে প্রশাসনে দিয়া জাননী অনুসৰি ভূমি দখল কৰি থকা লোকসকলৰ ৮০ শতাংশই এই স্থান এৰি আঁতৰি যায়। চৰকাৰে ৮২০টা পৰিয়াললৈ উচ্ছেদৰ পূৰ্বে জাননী জাৰি কৰিছিল। উচ্ছেদ সময়ত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অঞ্চল কেইটাত প্ৰশাসনিক বিষয়াৰ লগতে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। এই উচ্ছেদ অভিযানৰ সময়ত প্ৰশাসনে অঞ্চলটোত স্বাস্থ্য কৰ্মী, এম্বুলেন্সকে ধৰি সকলো জৰুৰীকালীন ব্যৱস্থাও গ্ৰহণ কৰিছে। জিলাখনৰ আলমগঞ্জৰ সপ্তম আৰু নৱম খণ্ডত অবৈধভাৱে বাস কৰা লোকসকলক উচ্ছেদৰ বাবে জিলা প্ৰশাসনে জাননী জাৰি কৰিছিল। ২০২৫ চনৰ এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত আলমগঞ্জৰ প্ৰায় ৪ হাজাৰ বিঘা মাটিত উদ্যোগ স্থাপনৰ বাবে সিদ্ধান্ত লোৱাৰ পৰৱৰ্তী সময়ত চৰকাৰী ভূমি অবৈধভাৱে দখল কৰাসকলৰ বিৰুদ্ধে জাননী জাৰি কৰা হৈছিল। এই জাননী লাভৰ পাছতে কিছুসংখ্যক পৰিয়াল অঞ্চলটোৰ পৰা আঁতৰি যায় যদিও বহুলোক ৰৈ যায়। বাকী থকা লোকসকলক উচ্ছেদৰ বাবে কালিৰেপৰা এই অভিযান চলোৱা হৈছে।
Assamese | November 2, 2026 10:39 AM | duburi evection
ধুবুৰী জিলাত চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাবে জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত