November 2, 2026 10:39 AM
8
ধুবুৰী জিলাত চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাবে জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত
ধুবুৰী জিলাৰ আলমগঞ্জৰ সপ্তম আৰু নৱম খণ্ডৰ ৬৫০ বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰাৰ বাবে জিলা প্রশাসনে আজিও উচ্ছেদ অভিযান চলাব। কালি পুৱাৰেপৰা চলোৱা এই অভিযান শান্তিপূর্ণভাৱে সম্পন্ন হয়। আজি পুৱা ৯ বজাৰ পৰা পুনৰ প্ৰশাসনে অভিযান চলাব বুলি আমাৰ সংবাদদাতাই প্রকাশ কৰিছে। উল্লেখযোগ্য যে প্রশাসনে দিয়া জাননী অনুসৰি ভূমি দখল কৰি থকা লোকসকলৰ ৮০ শতাংশই এই স্থান এৰি আঁতৰি যায়। চৰকাৰে ৮২০টা পৰিয়াললৈ উচ্ছেদৰ পূৰ্বে জাননী জাৰি কৰিছিল। উচ্ছেদ সময়ত যাতে কোনো অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে অঞ্চল কেইটাত ...