উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে মুখ্যমন্ত্ৰীৰ দুবছৰীয়া ফেল’শ্বিপৰ বাবে আবেদনৰ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান সমিতিৰ দ্বাৰা প্ৰৱৰ্তন কৰা এই ফেল’শ্বিপ কাৰ্যসূচীৰ প্ৰথম বৰ্ষৰ বাবে ৬ লাখ টকাৰ পাৰিতোষিক আগবঢ়োৱা হ’ব। জনসেৱা আৰু কাৰ্যসূচী পৰিচালনাৰ প্ৰতি আগ্ৰহ থকা আৰু স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা এম বি এ বা সমপৰ্যায়ৰ ডিগ্রী, অথবা সমাজবিজ্ঞান, ৰাজহুৱা নীতি বা উন্নয়ন অধ্যয়ন বিষয়ত স্নাতকোত্তৰ ডিগ্রী থকা যুৱক-যুৱতীয়ে এই ফেল’শ্বিপৰ বাবে আবেদন কৰিব পাৰিব। প্ৰাৰ্থীৰ ন্যূনতম ৬০ শতাংশ নম্বৰ বা সমতুল্য চি জি পি এ থাকিব লাগিব। আই আই এম, আই আই টি, আই আৰ এম এ, টি আই এছ এছ, এন আই আৰ ডি প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে অগ্রাধিকাৰ লাভ কৰিব। তদুপৰি অসমৰ স্থানীয় ভাষাসমূহৰ লগতে ইংৰাজী আৰু হিন্দী ভাষাত দক্ষতা থাকিব লাগিব। নিবনুৱা যুৱক-যুৱতীসকলৰ উদ্ভাৱনী চিন্তা আৰু ধাৰণাসমূহ সফল উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত দিশ নির্দেশনা তথা পৰামৰ্শ প্ৰদানৰ সুযোগ হিচাপে মুখ্যমন্ত্রী ফেল’শ্বিপ আগবঢ়োৱা হ’ব।
Assamese | November 2, 2026 10:58 AM | CM Fellowship
মুখ্যমন্ত্ৰীৰ দুবছৰীয়া ফেল’শ্বিপৰ বাবে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ আবেদন আহ্বান