আঘোণ মাহত পথাৰৰ পৰা লখিমী চপোৱা পৰম্পৰাৰ সৈতে সংগতি ৰাখি দৰং জিলাৰ দলগাঁৱত আজি নখোৱা উৎসৱ পালন কৰা হয়। স্থানীয় সামাজিক সংস্থান দলগাওঁ প্রগতি সংঘৰ উদ্যোগত সাৰ্বজনীন দুর্গা মন্দিৰ প্ৰাঙ্গনত দিনযোৰাকৈ আয়োজিত এই নখোৱা উৎসৱত গীত, মাত, কবিতাৰ অনুষ্ঠান হোৱাৰ লগতে পৰম্পৰাগত অসমীয়া খাদ্য সম্ভাৰৰো আয়োজন কৰা হয়। অনুষ্ঠানত দৰং জিলাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
Assamese | December 7, 2025 9:18 PM | Na-Khowa festival at Darrang
দৰং জিলাৰ দলগাঁৱত নখোৱা উৎসৱ পালন