কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয়, যে দেশ সুচাৰূপে চলি থাকিবলৈ হ’লে সংসদৰ কামকাজ ফলদায়ক হ’ব লাগিব। সংসদত বিৰোধী দলসমূহৰ সাংসদসকলে সৃষ্টি কৰি অহা পৰিস্থিতি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, যদিহে এইদৰে সংসদৰ কামকাজ বাধাগ্ৰস্ত হৈ থাকে, তেন্তে ইয়াৰ ফল সমগ্ৰ দেশৰ লগতে বিৰোধী সাংসদসকলে ভুগিব লাগিব। তেওঁ কয়, যে বহুতো বিৰোধী সাংসদে সদনৰ কামকাজ বাধাগ্ৰস্ত কৰি দেশ আৰু বিৰোধীৰ কোনো লাভ নহয় বুলি অনুভৱ কৰিছে। আজিৰে পৰা সদনৰ কামকাজ ভালদৰে চলিব বুলি তেওঁ আনন্দ প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰী ৰিজিজুৱে কয়, যে লোকসভাত ১৩ আৰু ১৪ ডিচেম্বৰত সংবিধান সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ’ব। একেদৰে ৰাজ্যসভাতো ১৬ আৰু ১৭ ডিচেম্বৰত সংবিধান বিষয়ত আলোচনা হ’ব বুলি তেওঁ উল্লেখ কৰে।
Assamese | December 3, 2024 4:47 PM | Kiren Rijiju
দেশ সুচাৰূপে চলি থাকিবলৈ হ’লে সংসদৰ কামকাজ ফলদায়ক হ’ব লাগিব: ৰিজিজু