September 6, 2026 10:46 AM | PM Modi

printer

দেশৰ যুবপ্ৰজন্মক পূৰ্বৰ প্ৰজন্মসমূহতকৈও ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্বক নেতৃত্ব দিব পৰা গোলকীয় পৰামৰ্শ, হিচাপ-নিকাচ, বিত্তীয় আৰু আইনী কোম্পানী গঢ়ি তুলিবলৈ আহ্বান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক-যুৱতীসকলক পূৰ্বৰ প্ৰজন্মসমূহতকৈও ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্বক নেতৃত্ব দিব পৰা গোলকীয় পৰামৰ্শ, হিচাপ-নিকাচ, বিত্তীয় আৰু আইনী কোম্পানী গঢ়ি তুলিবলৈ আহ্বান জনাইছে।

দিল্লী বিশ্ববিদ্যালয়ৰ শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ৰ শতবার্ষিকী উদযাপনৰ অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি এইদৰে আহ্বান জনায়। তেওঁ কয়, যে ভাৰতীয়সকলে সম্প্রতি বিশ্বৰ আগশাৰীৰ কোম্পানীসমূহৰ নেতৃত্ব বহন কৰি আছে আৰু তেওঁলোকে নিজাববীয়াকৈ কোম্পানী গঠন কৰিব নোৱাৰাৰ কোনো কথা নাই।

শ্রীমোদীয়ে কয়, যে গোলকীয় অনিশ্চয়তা স্বত্বেও ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশ হাৰ ৭.৮ শতাংশ হৈছে আৰু ইয়াৰ পৰা দেশৰ অৰ্থব্যৱস্থাৰ সামৰ্থ প্রতিফলিত হৈছে। তেওঁ কয়, যে ভাৰতে নীতি স্থবিৰতাৰ যুগৰ পৰা নীতি গতিশীলতাৰ দিশে দীঘলীয়া যাত্রা সম্পূৰ্ণ কৰিছে।

ভাৰত সবাতোকৈ দ্রুত বিকাশশীল বৃহৎ অৰ্থব্যৱস্থাৰ দেশৰূপে পৰিগণিত হোৱা যাত্রা বিশ্বই প্রত্যক্ষ কৰিছে বুলি প্রধানমন্ত্রীয়ে মন্তব্য কৰে। অতীতৰ সংঘৰ্ষ আৰু বৰ্তমানৰ সাফল্যৰ তুলনা কৰি শ্রীমোদীয়ে কয়, যে সন্ত্রাসবাদক পৰাভূত কৰা হৈছে, সশস্ত্র বাহিনীসমূহে আত্মবিশ্বাসেৰে ঘৰতে শত্রুক নিধন কৰিছে আৰু জম্মু-কাশ্মীৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ শান্তি ঘূৰি আহিছে।