দেশৰ প্ৰসিদ্ধ শ্বুটিং প্রশিক্ষক তথা এছিয়ান গেম্ছত সোণৰ পদক বিজেতা যশপাল ৰানাৰ যোৱানিশা দিল্লীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৪৯ বছৰ।
প্ৰয়াত ৰাণা ভাৰতীয় পিষ্টল শ্বুটাৰসকলৰ প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল। যশপাল ৰানাই পেৰিছ অলিম্পিকত দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰা মনু ভাকৰক বিশেষভাৱে সহায় কৰিছিল।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে যশপাল ৰানাৰ মৃত্যুত শোকপ্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে যশপাল ৰাণা এগৰাকী আগশাৰীৰ শ্বুটাৰ আছিল আৰু তেওঁৰ অনবদ্য প্ৰদৰ্শনে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। বিশ্ব শ্বুটিং প্রতিযোগিতাসমূহত কেইবাটাও পদক অৰ্জনেৰে ৰানাই ভাৰতীয় ক্রীড়াৰ এগৰাকী আদর্শ ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিলে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যশপাল ৰানাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শোকবার্তাত কয়, যে ৰানাই শ্বুটিঙত লাভ কৰা অসাধাৰণ সাফল্যৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। শ্রী মোদীয়ে কয়, যে তেওঁ পথ প্ৰদৰ্শক হিচাপে যুৱ খেলুৱৈসকলক নিষ্ঠা সহকাৰে প্ৰশিক্ষণ প্ৰদান কৰিছিল।
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী ড° মনসুখ মন্দাভিয়াইও প্রসিদ্ধ শ্বুটিং প্রশিক্ষকগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰে।