দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। গুজৰাটৰ বদোদৰা জিলাৰ মঞ্জলপুৰ বিধানসভা সমষ্টি বিজেপিয়ে দখলত ৰাখিবলৈ সমৰ্থ হৈছে৷ দলটোৰ প্ৰাৰ্থী সত্যেন্দ্ৰভাই পেটেলে কংগ্ৰেছ প্ৰাৰ্থী ভিখাভাই ৰবাৰীক ৩০ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, মুঠ কুৰিটা ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজয়ী প্রার্থী শ্রী পেটেলে ৫৫,৪৭১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ২৪,৮৫১ টা ভোটতে সন্তুষ্ট থাকিবলগীয়া হয়।
উল্লেখযোগ্য যে, জ্যেষ্ঠ বিজেপি নেতা তথা প্রাক্তন মন্ত্রী যোগেশ পেটেলৰ আকস্মিক বিয়োগৰ বাবে এই সমষ্টিটোৰ বিধায়কৰ আসন খালী হৈ পৰিছিল।
ইপিনে, মধ্য প্ৰদেশৰ দাতিয়া বিধানসভা সমষ্টিত কংগ্ৰেছে নিজৰ আধিপত্য বৰ্তাই ৰাখিছে। কংগ্ৰেছ প্রার্থী ঘনশ্যাম সিঙে বিজেপি প্রার্থী আশুতোষ তিৱাৰীক ৬ হাজাৰতকৈ অধিক ভোটত পৰাজিত কৰে। ঘনশ্যাম সিঙে ৬৬,৭৫৭ টা বিজেপিৰ শ্ৰী তিৱাৰীয়ে ৬০,৭৪১ টা ভোট পায়।
যোৱা এপ্ৰিল মাহত দিল্লীৰ এখন আদালতে প্ৰৱঞ্চনাৰ এটা গোচৰত কংগ্ৰেছৰ বিধায়ক ৰাজেন্দ্ৰ ভাৰতীক তিনি বছৰৰ কাৰাদণ্ড বিহাৰ বাবে তেওঁৰ বিধায়ক পদ খাৰিজ হয় আৰু তাৰেই পৰিপ্ৰেক্ষিতত সমষ্টিটোত উপ-নির্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়।
আনহাতে,বিহাৰৰ চৰ্চিত বাংকিপুৰ বিধানসভা সমষ্টিৰ উপ-নির্বাচনত জন সুৰজ পাৰ্টীৰ প্ৰাৰ্থী প্রশান্ত কিশোৰ ১৯ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত জয়ী হয়। সমষ্টিটো তিনিটা দশক ধৰি বিজেপিৰ দখলত আছিল আৰু শেহতীয়াকৈ বিজেপি নেতা নীতিন নবীন ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বাবে নিজৰ বিধায়ক পদ ত্যাগ কৰাত এই আসনখন খালী হৈছিল ৷
উল্লেখযোগ্য যে, এই তিনিওটা সমষ্টিতে যোৱা মাহৰ ৩০ তাৰিখে শান্তিপূর্ণভাৱে ভোটগ্রহণ অনুষ্ঠিত হৈছিল।