August 4, 2026 9:23 AM

views 5

দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা

দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। গুজৰাটৰ বদোদৰা জিলাৰ মঞ্জলপুৰ বিধানসভা সমষ্টি বিজেপিয়ে দখলত ৰাখিবলৈ সমৰ্থ হৈছে৷ দলটোৰ প্ৰাৰ্থী সত্যেন্দ্ৰভাই পেটেলে কংগ্ৰেছ প্ৰাৰ্থী ভিখাভাই ৰবাৰীক ৩০ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে।  নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, মুঠ কুৰিটা ৰাউণ্ডৰ ভোটগণনাৰ অন্তত বিজয়ী প্রার্থী শ্রী পেটেলে ৫৫,৪৭১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ২৪,৮৫১ টা ভোটতে সন্তুষ্ট থাকিবলগীয়া হয়।  উল্লেখযোগ্য যে, জ্যেষ্ঠ বিজেপি নেতা ত...