August 10, 2026 7:02 PM | har ghar tringa

printer

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে সমদল, সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে। 

ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ তিনিটা মণ্ডলৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। সভাত তিৰংগা সফল আৰু সৰ্বাংগীণভাৱে ৰূপায়ণৰ লগতে এই দেশপ্ৰেমমূলক কাৰ্যসূচী সকলো স্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱা সন্দৰ্ভত আলোচনা কৰা হয় ৷

বজালী জিলাতো হৰ ঘৰ তিৰংগা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনত এটা বৃহৎ ৰেলী উলিওৱা হয়। দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তা কঢ়িয়াই উলিওৱা এই ৰেলীত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। 

পাঠশালাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণ সেতুৰ পৰা আৰম্ভ কৰা ত্ৰিৰংগ ৰেলী পাঠশালা নগৰৰ মাজেৰে বজালী জিলা পৰিষদৰ কাৰ্যালয়লৈ উলিওৱা হয়। ৰেলীত অংশগ্ৰহণকাৰীসকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ দেশপ্ৰেমমূলক শ্লোগান দি ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। 

ইয়াৰ অংশ হিচাপে কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে এটা চাইকেল ৰেলীও উলিওৱা হয়। পৰহিলৈ পদযাত্ৰা আৰু তাৰ পৰৱৰ্তী দিনটোত ৰংগোলি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। অহা ১৪ আগষ্টত বিভাজন বিভিষীকা স্মৰণ দিৱস পালন কৰা হ’ব। স্বাধীনতাৰ ইতিহাস, দেশ বিভাজনৰ সময়ত সংঘটিত মানৱীয় দুৰ্যোগৰ স্মৃতি আৰু দেশৰ ঐক্য অখণ্ডতাৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই কাৰ্যসূচীসমূহ অনুষ্ঠিত কৰা হ’ব।

শ্রীভূমি জিলাতো আজি ত্ৰিৰংগ পতাকা লৈ সমদল উলিওৱা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এই সমদল উলিওৱা হয়। ইপিনে, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ আত্মসহায়ক গোটে প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় পতাকা ১৪ আগষ্ট পর্যন্ত জিলাখনৰ চৰকাৰী কাৰ্যালয় আৰু বজাৰ এলেকাৰ ৩৫টা বিক্ৰী কেন্দ্ৰত পোৱাৰ ব্যৱস্থা কৰা হৈছে। 

আজিৰে পৰা ১৫ আগষ্টলৈ জিলাখনৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ৰাজহুৱা ভৱনসমূহ ত্ৰিৰংগ পতাকাৰ তিনিটা ৰঙৰ পোহৰেৰে আলোকিত কৰাৰ লগতে বন্দে মাতৰম বিষয়বস্তুৰ ত্ৰিৰংগ আল্পনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। 

১২ আগষ্টৰ বিয়লি চাইকেল সমদল, ১৩ আগষ্টত বন্দে মাতৰম বিষয়বস্তুৰে সাংস্কৃতিক অনুষ্ঠান আৰু ১৪ আগষ্টত বিভাজন-বিভীষিকা বিষয়ক আলোচনা সভা অনুষ্ঠিত হ’ব। ইয়াৰ লগতে মাইগভ প’ৰ্টেলত অনলাইন কুইজ প্রতিযোগিতাও অনুষ্ঠিত হৈছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধীনৰ সমগ্ৰ এলেকাত এই উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। গুৰুত্বপূৰ্ণ ষ্টেচনসমূহত ৰাজহুৱা ঘোষণা প্ৰণালীৰ জৰিয়তে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম, বাদ্য যন্ত্ৰৰ সহায়ত পৰিৱেশন কৰা হৈছে ।