August 10, 2026 7:02 PM

views 26

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে সমদল, সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন আদি কাৰ্যসূচী অনুষ্ঠিত হৈছে।  ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত কালি ডিব্ৰুগড় সমষ্টিৰ তিনিটা মণ্ডলৰ কৰ্মকৰ্তাসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। সভাত তিৰংগা সফল আৰু সৰ্বাংগীণভাৱে ৰূপায়ণৰ লগতে এই দেশপ্ৰেমমূলক কাৰ্যসূচী সকলো স্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱা সন্দৰ্ভত আলোচনা কৰা হয় ৷ বজালী জিলাতো হৰ ঘৰ তিৰংগা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনত এটা...

August 14, 2025 6:47 PM

views 42

হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

স্বাধীনতা দিৱস উপলক্ষে যোৱা ২ আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। শোণিতপুৰ জিলাত বিজেপিৰ তেজপুৰ নগৰ মণ্ডল আৰু হলেশ্বৰ মণ্ডলৰৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা উলিওৱা হয়। একেদৰে ন-দুৱাৰ সমষ্টিৰ চাৰিদুৱাৰ বন বিভাগৰ কাৰ্যালয়ৰ সমীপৰ পৰা কেইবাগৰাকীয়ে শিক্ষার্থীয়ে ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ...