দেশে এটা শক্তিশালী জৈৱ অর্থনীতি গঢ়ি তোলাৰ লগতে প্রতিষেধক বিকাশৰ ক্ষেত্ৰতো উল্লেখযোগ্য সফলতা লাভ কৰিছে বুলি কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ডাঃ জিতেন্দ্র সিঙৰ প্রকাশ

দশকপূর্বে থকা প্রতিবন্ধকতা নেওচি মহামাৰী প্ৰস্তুতিৰ ক্ষেত্ৰত দেশ বহু দূৰ আগুৱাই যোৱা বুলি কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ডাঃ জিতেন্দ্র সিঙে প্রকাশ কৰিছে। তেওঁ কয় যে দেশে এটা শক্তিশালী জৈৱ অর্থনীতি গঢ়ি তোলাৰ লগতে প্রতিষেধক বিকাশৰ ক্ষেত্ৰতো উল্লেখযোগ্য সফলতা লাভ কৰিছে।

তদুপৰি দেশৰ বৈজ্ঞানিক পৰিবেশতন্ত্রই ভবিষ্যতে প্রাদুৰ্ভাৱ হ’ব পৰা মহামাৰী তথা অতিমাৰীৰ সন্মুখীন হ’বলৈ গোলকীয় প্রস্তুতি শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰতো উল্লেখনীয় বৰঙণি যোগোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

নতুন দিল্লীত আজি মহামাৰী প্ৰস্তুতি সম্পৰ্কীয় উদ্ভাৱনৰ বাবে সমন্বয় গোটৰ পৰিষদ তথা বিনিয়োগকাৰী পৰিষদৰ উচ্চ পৰ্যায়ৰ এখন বৈঠকত তেওঁ এই কথা প্রকাশ কৰে। ডাঃ সিঙে কয় যে স্বাস্থ্য খণ্ডৰ শেহতীয়া প্রত্যাহ্বানসমূহৰ বাবে জৈৱ চিকিৎসা সমাধানৰ গোলকীয় প্রচেষ্টাত ভাৰতেও বৰঙণি যোগাব পাৰে।

বৈজ্ঞানিক সামর্থ্য শক্তিশালী কৰি তোলাৰ বাবে দেশ সাজু হৈ উঠা বুলি প্ৰকাশ কৰি তেওঁ কয় যে ভাৰতত বৰ্তমান গবেষণা আন্তঃগাঁথনি বিকশিত হৈছে।

স্বাস্থ্য খণ্ডৰ শেহতীয়া প্ৰত্যাহ্বানসমূহৰ প্ৰতি তাৎক্ষণিক সঁহাৰি দিবলৈও দেশ প্রস্তুত বুলি তেওঁ মত প্রকাশ কৰে। মন্ত্ৰীগৰাকীয়ে চৰকাৰ, শিক্ষা খণ্ড, উদ্যোগ খণ্ড তথা আন্তঃৰাষ্ট্ৰীয় মিত্ৰপক্ষসমূহৰ মাজৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ পোষকতা কৰে।