September 13, 2026 8:24 PM

views 9

দেশে এটা শক্তিশালী জৈৱ অর্থনীতি গঢ়ি তোলাৰ লগতে প্রতিষেধক বিকাশৰ ক্ষেত্ৰতো উল্লেখযোগ্য সফলতা লাভ কৰিছে বুলি কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ডাঃ জিতেন্দ্র সিঙৰ প্রকাশ

দশকপূর্বে থকা প্রতিবন্ধকতা নেওচি মহামাৰী প্ৰস্তুতিৰ ক্ষেত্ৰত দেশ বহু দূৰ আগুৱাই যোৱা বুলি কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ডাঃ জিতেন্দ্র সিঙে প্রকাশ কৰিছে। তেওঁ কয় যে দেশে এটা শক্তিশালী জৈৱ অর্থনীতি গঢ়ি তোলাৰ লগতে প্রতিষেধক বিকাশৰ ক্ষেত্ৰতো উল্লেখযোগ্য সফলতা লাভ কৰিছে। তদুপৰি দেশৰ বৈজ্ঞানিক পৰিবেশতন্ত্রই ভবিষ্যতে প্রাদুৰ্ভাৱ হ'ব পৰা মহামাৰী তথা অতিমাৰীৰ সন্মুখীন হ'বলৈ গোলকীয় প্রস্তুতি শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰতো উল্লেখনীয় বৰঙণি যোগোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। নতুন দিল্লীত আজি মহা...

December 30, 2025 8:22 PM

views 53

কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্র সিঙে ২০২৫ বৰ্ষটোক জীৱন ধাৰণ তথা কাম-কাজৰ সুচলতা সুনিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰশাসনীয় সংস্কাৰৰ বৰ্ষ হিচাপে অভিহিত কৰিছে

কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি তথা পেঞ্চন বিভাগৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্র সিঙে ২০২৫ বৰ্ষটোক জীৱন ধাৰণ তথা কাম-কাজৰ সুচলতা সুনিশ্চিত কৰাৰ লক্ষ্যৰে প্ৰশাসনীয় সংস্কাৰৰ বৰ্ষ হিচাপে অভিহিত কৰিছে। নতুন দিল্লীত আজি বর্ষান্তৰ সংবাদমেল এখনত মন্ত্ৰীগৰাকীয়ে কয়, যে বিভিন্ন সেৱাত নিয়োজিত ব্যক্তিসকলে কর্মক্ষেত্ৰত লাভ কৰা সূচলতাই জীৱন-ধাৰণৰ সুচলতাৰ বাট মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নিয়োগ মেলা তথা কেন্দ্রীভূত ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পৰ্য্যবেক্ষণ ব্যবস্থাকে ধৰি বিভাগসমূহৰ বিভিন্ন উল্লেখনীয় সাফল্য ...

December 25, 2025 8:00 PM

views 47

সুশাসন অমূলক অৱধাৰণা নহয় বৰং স্বচ্ছতা, উত্তৰদায়িত্ব আৰু নাগৰিক কেন্দ্রিক বিতৰণ প্ৰক্ৰিয়াৰ মাজত নিহিত হৈ থকা দৈনিক প্রশাসনিক দায়িত্বঃ কেন্দ্ৰীয় ৰাজ্যমন্ত্রী ড০ জিতেন্দ্র সিঙ

সুশাসন অমূলক অৱধাৰণা নহয় বৰং স্বচ্ছতা, উত্তৰদায়িত্ব আৰু নাগৰিক কেন্দ্রিক বিতৰণ প্ৰক্ৰিয়াৰ মাজত নিহিত হৈ থকা দৈনিক প্রশাসনিক দায়িত্ব বুলি কৰ্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেন্সন দপ্তৰৰ ৰাজ্যমন্ত্রী ড০ জিতেন্দ্র সিঙে মন্তব্য কৰিছে। সুশাসন দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত সুশাসন কার্যপ্রণালী বিষয়ত ৰাষ্ট্ৰীয় কর্মশালাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। ড০ সিঙে কয়, যে বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগৰ সমন্বিত প্ৰচেষ্টাৰ বাবেই প্রশাসনিক দক্ষতা বৃদ্ধি পাইছে আৰু সামাজিক কল্যাণ সম্পর্কী...

October 19, 2025 1:15 PM

views 107

ভাৰতে নেফিথ্ৰ’মাইচিন নামৰ এবিধ থলুৱা এণ্টিবায়’টিক বিকশাই তুলিছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙৰ প্ৰকাশ

ভাৰতে নেফিথ্ৰ'মাইচিন নামৰ এবিধ থলুৱা এণ্টিবায়'টিক বিকশাই তুলিছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এখন চিকিৎসা কর্মশালা মুকলি কৰি ড° সিঙে কয়, যে এই এণ্টিবায়'টিকবিধ প্ৰতিৰোধী শ্বাস-প্ৰশ্বাসজনিত সংক্রমণ বিশেষকৈ, কৰ্কট ৰোগী আৰু অনিয়ন্ত্ৰিত মধুমেহ ৰোগীৰ ক্ষেত্ৰত অতিকে ফলপ্রসূ। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে দেশে বৈজ্ঞানিক আৰু গৱেষণাৰ বিকাশৰ বাবে আত্ম-নিৰ্ভৰশীল হ'ব লাগিব। কৃত্রিম বুদ্ধিমত্তা আধাৰিত হাইব্রিড ভ্রাম্যমাণ চিকিৎসালয়সমূহে গ্ৰাম্য আৰু দূৰ...

June 11, 2025 6:24 PM

views 67

ফ্ৰান্সত ন’ৰৱেৰ মীন আৰু মহাসাগৰ নীতি মন্ত্ৰী মেৰিয়েন চাইবাৰছেন নেছৰ সৈতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙৰ বৈঠক

ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে আজি ফ্ৰান্সত ন’ৰৱেৰ মীন আৰু মহাসাগৰ নীতি মন্ত্ৰী মেৰিয়েন চাইবাৰছেন নেছৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰসংঘৰ তৃতীয় মহাসাগৰীয় সন্মিলনৰ আপাহতে অনুষ্ঠিত এই বৈঠকত দুয়োগৰাকী নেতাই বহনক্ষম মীন পালন, সামুদ্রিক সম্পদৰ ব্যৱস্থাপনা আৰু সামুদ্রিক অর্থ ব্যৱস্থাৰ বিস্তৃত পৰিকাঠামোৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে। তেওঁলোকে লগতে বহনক্ষম মহাসাগৰ প্ৰশাসন আৰু মীন পালন ক্ষেত্ৰত সহযোগিতা সুদৃঢ় কৰিবলৈ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ কৰে। ফ্ৰান্...

January 5, 2025 8:26 PM

views 176

চি এছ আই আৰে পেৰাচিটামল উৎপাদনৰ এটা থলুৱা প্ৰযুক্তি বিকশাই তুলিবলৈ সক্ষম হৈছে বুলি বিজ্ঞান আৰু প্রযুক্তি মন্ত্রী ড° জীতেন্দ্র সিঙৰ ঘোষণা

বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ - চি এছ আই আৰে বিষ উপশম আৰু জ্বৰ কম কৰাৰ ঔষধ হিচাপে বহুলভাৱে ব্যৱহৃত পেৰাচিটামল উৎপাদনৰ এটা থলুৱা প্ৰযুক্তি বিকশাই তুলিবলৈ সক্ষম হৈছে বুলি বিজ্ঞান আৰু প্রযুক্তি মন্ত্রী ড° জীতেন্দ্র সিঙে ঘোষণা কৰিছে। নতুন দিল্লীত আজি বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা বিভাগৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে পেৰাচিটামল উৎপাদনৰ ক্ষেত্ৰত দেশক আত্মনিৰ্ভৰশীল কৰা আৰু এই ঔষধবিধ উৎপাদনৰ বাবে প্রয়োজনীয় উপাদানসমূহ আমদানীৰ ক্ষেত্ৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাই এই উদ্ভাৱ...

December 25, 2024 8:19 PM

views 69

কেন্দ্ৰীয় ৰাজ্যমন্ত্রী জীতেন্দ্র সিঙৰ তৃণমূল পৰ্যায়ত প্রশাসন শক্তিশালী কৰাৰ উদ্দেশ্যে বিকশিত পঞ্চায়ত কৰ্মযোগী পদক্ষেপৰ শুভাৰম্ভ

ৰাজহুৱা আপত্তি তথা পেঞ্চন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্রী জীতেন্দ্র সিঙে আজি সুশাসন দিৱসৰ দিনা তৃণমূল পৰ্যায়ত প্রশাসন শক্তিশালী কৰাৰ উদ্দেশ্যে বিকশিত পঞ্চায়ত কৰ্মযোগী পদক্ষেপৰ শুভাৰম্ভ কৰে। পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ নির্বাচিত প্রতিনিধিসকলক প্ৰয়োজনীয় সঁজুলি আৰু উপাদানেৰে ফলপ্ৰসূ প্ৰশাসন ব্যৱস্থাৰ সামৰ্থ আৰু দক্ষতা বৃদ্ধি কৰাটোৱেই এই পদক্ষেপৰ মূল লক্ষ্য। এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত মন্ত্রী শ্রীসিঙে কয় যে তৃণমূল পর্যায়ত দীৰ্ঘম্যাদী আৰু অৰ্থপূৰ্ণ পৰিৱৰ্তনৰ বাবে প্ৰশাসনিক সংস্কাৰৰ প্ৰয়োজ...

November 21, 2024 12:33 PM

views 49

নেফিথ্র’মাইচিন নামৰ প্রথমটো স্বদেশী এণ্টিবায়টিক ঔষধ মুকলি

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড° জিতেন্দ্র সিঙে প্ৰতিৰোধী সংক্ৰমণৰ বাবে নেফিথ্র'মাইচিন নামৰ প্রথমটো স্বদেশী এণ্টিবায়টিক ঔষধ মুকলি কৰিছে। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্রীসিঙে কয়, যে নেফিথ্ৰ'মাইচিনৰ তিনিদিনীয়া চিকিৎসা নিউমনিয়া ৰোগৰ ক্ষেত্ৰত যুগান্তকাৰী বুলি পৰিগণিত হ'ব। নিউমনিয়াৰ বাবে বছৰি প্ৰায় ২০ লাখ লোকে প্ৰাণ হেৰুৱায়।