ৰাজহুৱা আপত্তি তথা পেঞ্চন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্রী জীতেন্দ্র সিঙে আজি সুশাসন দিৱসৰ দিনা তৃণমূল পৰ্যায়ত প্রশাসন শক্তিশালী কৰাৰ উদ্দেশ্যে বিকশিত পঞ্চায়ত কৰ্মযোগী পদক্ষেপৰ শুভাৰম্ভ কৰে। পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ নির্বাচিত প্রতিনিধিসকলক প্ৰয়োজনীয় সঁজুলি আৰু উপাদানেৰে ফলপ্ৰসূ প্ৰশাসন ব্যৱস্থাৰ সামৰ্থ আৰু দক্ষতা বৃদ্ধি কৰাটোৱেই এই পদক্ষেপৰ মূল লক্ষ্য। এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত মন্ত্রী শ্রীসিঙে কয় যে তৃণমূল পর্যায়ত দীৰ্ঘম্যাদী আৰু অৰ্থপূৰ্ণ পৰিৱৰ্তনৰ বাবে প্ৰশাসনিক সংস্কাৰৰ প্ৰয়োজন আছে। তেওঁ বিকশিত পঞ্চায়ত কর্মযোগী পদক্ষেপে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিব বুলিও প্ৰকাশ কৰে ।
Assamese | December 25, 2024 8:19 PM | DR jitrendar singh
কেন্দ্ৰীয় ৰাজ্যমন্ত্রী জীতেন্দ্র সিঙৰ তৃণমূল পৰ্যায়ত প্রশাসন শক্তিশালী কৰাৰ উদ্দেশ্যে বিকশিত পঞ্চায়ত কৰ্মযোগী পদক্ষেপৰ শুভাৰম্ভ