দেশজুৰি আজি ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস পালন

দেশজুৰি আজি ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস পালন কৰা হৈছে। ১৯৫৯ চনৰ এই দিনটোতে ভাৰত-চীন সীমান্তত টহল দি থকা অৱস্থাত সশস্ত্র চীনা সেনাৰ অতর্কিত আক্ৰমণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১০ জন বীৰ জোৱান শ্বহীদ হৈছিল। তেতিয়াৰে পৰাই ২১ অক্টোবৰ দিনটো প্ৰতিবছৰে আৰক্ষী স্মৃতি দিৱস হিচাপে পালন কৰা হয়৷

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আৰক্ষী স্মৃতি দিৱস পালন কৰা হয়। গুৱাহাটীৰ কাহিলিপাৰাৰ দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত এই উপলক্ষে আয়োজিত কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে বিগত বৰ্ষৰ ১ ছেপ্তেম্বৰৰ পৰা চলিত বৰ্ষৰ ৩১ আগষ্টলৈ কৰ্তব্যৰ সময়ত প্ৰাণ আহুতি দিয়া দেশৰ ১৫৪ গৰাকী আৰক্ষীৰ ভিতৰত অসমৰো ৬গৰাকী আৰক্ষী কৰ্মী আছে। এইসকল হ’ল- উপ পৰিদৰ্শন ডুলুমণি মেধি, সত্যেন্দ্ৰ মালাকৰ আৰু নৱজিৎ দাস, হাবিলদাৰ জীতেন চন্দ্ৰ বৰা, লেন্সনায়ক সেৱক দত্ত আৰু অমিয় সোণোৱাল।