দিল্লীৰ জন্তৰ মন্তৰত চলাই অহা চিজেপিৰ আন্দোলন প্রত্যাহাৰ

কেন্দ্ৰীয় চৰকাৰে  চিজেপিৰ মূল দাবীসমূহ মানি লোৱাৰ আশ্বাস দিয়াৰ পাছত সংগঠনটোৱে দিল্লীৰ জন্তৰ মন্তৰত চলাই অহা আন্দোলন প্রত্যাহাৰ কৰিছে। আজি নতুন দিল্লীত কেন্দ্রীয় মন্ত্ৰী জে পি নাড্ডা আৰু ড° জিতেন্দ্ৰ সিঙে চি জে পিৰ প্ৰতিনিধি দলৰ সৈতে আলোচনাত মিলিত হয়। 

আলোচনাৰ অন্তত আয়োজিত এখন যৌথ সংবাদমেলত মন্ত্রী নাড্ডাই আন্দোলনত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ব আৰু নতুনকৈ কোনো এফ আই আৰ ৰুজু কৰা নহ’ব বুলি ঘোষণা কৰে। তদুপৰি নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত আত্মহনন কৰা শিক্ষাৰ্থীসকলৰ পৰিয়ালক প্ৰচলিত নিয়ম-নীতি অনুসৰি সৰ্বাধিক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব বুলি কয়।

 কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধর্মেন্দ্র প্রধানে আজি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। তেওঁ নতুন দিল্লীৰ জন্তৰ মন্তৰ আৰু সমগ্ৰ দেশৰ পৰিস্থিতি বিবেচনা কৰাৰ উপৰি এই সময়ত ৰাষ্ট্ৰবিৰোধী শক্তিসমূহক প্রতিহত কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা বুলি কয়। উল্লেখযোগ্য যে নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ পদত্যাগৰ উপৰি আন কেতবোৰ দাবীত বিভিন্ন সংগঠনে বিগত ২০ দিনৰো অধিক সময় ধৰি নতুন দিল্লীৰ জন্তৰ মন্তৰ আৰু দেশৰ অন্যান্য ঠাইত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।