July 25, 2026 8:31 PM

views 24

দিল্লীৰ জন্তৰ মন্তৰত চলাই অহা চিজেপিৰ আন্দোলন প্রত্যাহাৰ

কেন্দ্ৰীয় চৰকাৰে  চিজেপিৰ মূল দাবীসমূহ মানি লোৱাৰ আশ্বাস দিয়াৰ পাছত সংগঠনটোৱে দিল্লীৰ জন্তৰ মন্তৰত চলাই অহা আন্দোলন প্রত্যাহাৰ কৰিছে। আজি নতুন দিল্লীত কেন্দ্রীয় মন্ত্ৰী জে পি নাড্ডা আৰু ড° জিতেন্দ্ৰ সিঙে চি জে পিৰ প্ৰতিনিধি দলৰ সৈতে আলোচনাত মিলিত হয়।  আলোচনাৰ অন্তত আয়োজিত এখন যৌথ সংবাদমেলত মন্ত্রী নাড্ডাই আন্দোলনত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ব আৰু নতুনকৈ কোনো এফ আই আৰ ৰুজু কৰা নহ'ব বুলি ঘোষণা কৰে। তদুপৰি নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভ...

July 24, 2026 10:08 PM

views 22

নতুন দিল্লীত চিজেপিৰ প্ৰতিনিধি দলক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ড০ জীতেন্দ্ৰ সিঙৰ

কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ড০ জীতেন্দ্ৰ সিঙে নতুন দিল্লীত আজি চি জে পিৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰে । বৈঠকৰ পাছত সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে আলোচনাত তেওঁলোকে পৰীক্ষা ব্যৱস্থা সংস্কাৰৰ সন্দৰ্ভত চি জে পিৰ দাবীসমূহ গুৰুত্ব সহকাৰে শুনে।  চি জে পিয়ে ৩ টা মূল দাবী উত্থাপন কৰাৰ উপৰিও পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ৰোধৰ বাবে কিছু সংস্কাৰৰ পৰামৰ্শ আগবঢ়ায়। শ্ৰীনাড্ডাই লগতে কয় যে কাইলৈ চৰকাৰে চি জে পিৰ প্ৰতিনিধি দলটোৰ সৈতে পুনৰ আলোচনাত ভাগ ল'ব ।  ইফালে চি জে পিৰ মুখপাত্র আশুতো...