নতুন দিল্লীত চিজেপিৰ প্ৰতিনিধি দলক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ড০ জীতেন্দ্ৰ সিঙৰ

কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ড০ জীতেন্দ্ৰ সিঙে নতুন দিল্লীত আজি চি জে পিৰ প্ৰতিনিধি দলক সাক্ষাৎ কৰে । বৈঠকৰ পাছত সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে আলোচনাত তেওঁলোকে পৰীক্ষা ব্যৱস্থা সংস্কাৰৰ সন্দৰ্ভত চি জে পিৰ দাবীসমূহ গুৰুত্ব সহকাৰে শুনে।

 চি জে পিয়ে ৩ টা মূল দাবী উত্থাপন কৰাৰ উপৰিও পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ৰোধৰ বাবে কিছু সংস্কাৰৰ পৰামৰ্শ আগবঢ়ায়। শ্ৰীনাড্ডাই লগতে কয় যে কাইলৈ চৰকাৰে চি জে পিৰ প্ৰতিনিধি দলটোৰ সৈতে পুনৰ আলোচনাত ভাগ ল’ব । 

ইফালে চি জে পিৰ মুখপাত্র আশুতোষ ৰাংকাই কয় যে চৰকাৰে নীতিগতভাৱে তেওঁলোকৰ দুটা দাবীত সন্মতি প্ৰকাশ কৰিছে ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।