কেন্দ্ৰীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি তিনিদিনীয়া ভ্রমণসূচীৰে জাৰ্মানীলৈ যাব। ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে হেমবার্গ স্থায়ী বিকাশ সন্মিলনত ভাগ ল’ব। শ্ৰী যোশীয়ে জার্মানী, লণ্ডনৰ মন্ত্ৰী আৰু আন বহু জ্যেষ্ঠ বিষয়াৰ সৈতে স্থায়ী বিকাশ, সেউজ হাইড্ৰ’জেন আৰু নৱীকৰণযোগ্য শক্তিৰ সন্দৰ্ভত দ্বিপাক্ষিক শৃংখলাৰ বৈঠকত ভাগ ল’ব। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ জৰিয়তে ভাৰত-জাৰ্মানীৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে ব্যৱসায়ৰ সুযোগ বৃদ্ধি তথা ভাৰত আৰু সমগ্ৰ বিশ্বতে নৱীকৰণযোগ্য শক্তিৰ সম্প্ৰসাৰণ ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে।
Assamese | October 6, 2024 11:48 AM | Prahalad Joshi
তিনিদিনীয়া ভ্রমণসূচীৰে জাৰ্মানীলৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশী