August 10, 2026 1:32 PM | Durand Cup

printer

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান এফ চি ৰেংদাৰ

এফ চি ৰেংদায়ে মোহন বাগান ছুপাৰ জায়েন্‌ট্ৰৰ পাছতে দ্বিতীয়টো দল হিচাপে ১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। মণিপুৰত অনুষ্ঠিত গ্রুপ ডিৰ খেলৰ পৰা শীর্ষ দল হিচাপে দলটো কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। প্রথম দুখন খেলত জয়লাভ কৰাৰ বাবে দলটোৱে ৬ পইন্ট লাভ কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হয়। কালি ইম্ফলৰ খুমান লাম্পাক ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ট্রাও এফ চিয়ে ভাৰতীয় নৌসেনা দলক ২-১ গ’লত পৰাস্ত কৰাৰ লগে লগে এফ চি ৰেংদাই কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হোৱাটো নিশ্চিত হৈ পৰে। প্ৰতিযোগিতাত আজি বীৰচা মুণ্ডা ফুটবল স্টেডিয়ামত হ’বলগীয়া গ্রুপ চিৰ খেলত এছ চি দিল্লীয়ে বায়ুসেনাৰ ফুটবল দলৰ বিৰুদ্ধে খেলিব। ইপিনে, কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগণত হ’বলগীয়া গ্রুপ এৰ অন্তিমখন খেলত মোহন বাগান চি এ আই এছ এফৰ সন্মুখীন হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।