ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দলীয় দায়িত্বত থকা বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে, বিজেপিয়ে চম্পাই ছোৰেনক গুৰুত্বপূৰ্ণ দায়িত্ব অর্পণ কৰিব। ৰাঁছীত সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, শ্ৰী ছোৰেনক দলৰ কৰ্ণধাৰ সমিতিত অন্তৰ্ভুক্ত কৰা হ’ব। চম্পাই ছোৰেনৰ সহায়ত বিজেপিয়ে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত দুৰ্নীতিগ্ৰস্ত হেমন্ত ছোৰেন চৰকাৰক উৎখাট কৰিবলৈ সমৰ্থ হ’ব বুলি শ্ৰী চৌহানে দাবী কৰে।
Assamese | August 31, 2024 5:42 PM | BJP | Champai Soren | Election
ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত চম্পাই ছোৰেনৰ সহায়ত বিজেপিয়ে দুৰ্নীতিগ্ৰস্ত হেমন্ত ছোৰেন চৰকাৰক উৎখাট কৰিবলৈ সমৰ্থ হ’ব