ঝাৰখণ্ডৰ বোকাৰোত চন্দনক্যাৰী বিধানসভা সমষ্টিত বিজয় সংকল্প অভিযান সম্বোধন কৰি ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে উজ্বলা যোজনাৰ পাছত ঝাৰখণ্ডে অতি সোনকালে নলযোগে সুলভ গেছ লাভ কৰিব। তেতিয়া জনসাধাৰণে গেছ চিলিণ্ডাৰৰ পিছত ঘুৰিবলগীয়া নহ’ব। গগো দিদি যোজনাৰ বিষয়ে উল্লেখ কৰি শ্রীমোদীয়ে কয় যে এই আঁচনিৰ অধীনত মহিলাসকলে তেওঁলোকৰ একাউণ্টত পোনপটীয়াকৈ ধন লাভ কৰিব। ঝাৰখণ্ডত শূন্য বৈদ্যুতিক মাছুল আঁচনিৰ বিষয়ে ঘোষণা কৰি তেওঁ কয়, যে প্রধানমন্ত্ৰী সূৰ্যঘৰ বিনামুলীয়া বিদ্যুৎ আঁচনিৰ অধীনত সৌৰ পেনেল স্থাপন কৰিবলৈ চৰকাৰে প্রথমে ৭০ ৰ পৰা ৮০ হাজাৰ টকালৈ প্ৰদান কৰিব। ইয়াৰ পাছত অতিৰিক্ত বিজুলীও ক্ৰয় কৰা হ’ব।
Assamese | November 10, 2024 7:53 PM | PM Modi at Jharkhand
ঝাৰখণ্ডত বিজয় সংকল্প অভিযানত ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্বোধন