চি এম ফ্লাইট শীর্ষক পাঠ্যক্রম গ্রহণ কৰি থকা শিক্ষার্থীসকলৰ জাপানী ভাষাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকাসকলক পৰীক্ষাৰ পূর্বেই ১ লাখ টকাকৈ প্ৰদান কৰা হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই শিক্ষার্থীসকলৰ সৈতে আজি মত-বিনিময় কৰাৰ অন্তত এই কথা প্রকাশ কৰে।
তেওঁ কয় যে এই প্রশিক্ষার্থীসকলে প্রথম তিনি মাহৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত ৩০ হাজাৰ টকাকৈ লাভ কৰিব। পৰৱৰ্তী ছমাহত দ্বিতীয় বাৰলৈ ৩০ হাজাৰ টকা লাভ কৰাৰ লগতে পাছৰ ৯ মাহত বাকী ৪০ হাজাৰ টকা অর্থাৎ মুঠ ১ লাখ টকা তেওঁলোকে লাভ কৰিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে জাপানৰ ভিজা লাভ কৰাৰ পাছত এই প্রশিক্ষার্থীসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। তেওঁলোকৰ নিযুক্তি কেবল জাপানতেই সীমাবদ্ধ হৈ নাথাকে বুলি প্রকাশ কৰি তেওঁ কয় যে প্রশিক্ষার্থীসকলে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত নিযুক্তিৰ সুবিধা লাভ কৰিব।
দেশত বর্তমান ১৫০০ৰো অধিক জাপানী প্রতিষ্ঠানে কাম কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অহা দুই-তিনি বছৰত আমাৰ ৰাজ্যতো জাপানী প্ৰতিষ্ঠানৰ কাম কাজ আৰম্ভ হ’ব।
ৰাজ্যৰ যুৱ চামৰ বাবে আন্তর্জাতিক পর্যায়ত নিজৰ প্ৰতিভা বিকাশ কৰাৰ সুযোগ কঢ়িয়াই অনাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ইতিবাচক মনোভাৱ প্রকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ গ্ৰামাঞ্চলসমূহৰ পৰা অহা বহু শিক্ষার্থীয়ে আজিলৈ কেতিয়াও বিদেশ যাত্ৰা কৰা নাই।
কিন্তু এই পদক্ষেপৰ জৰিয়তে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সুযোগ লাভ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। সম্প্রতি ১৪০গৰাকী শিক্ষার্থীয়ে এই আঁচনিৰ অধীনত প্রশিক্ষণ গ্ৰহণ কৰি আছে। পৰৱৰ্তী পর্যায়ত এই আঁচনি ব্যাপকভাবে ৰূপায়ণৰ চিন্তা-চৰ্চা কৰা হৈছে বুলি ড° শর্মাই প্রকাশ কৰে।